জ্ঞানৰ উৎস

আমি এটা ধাতুৰ গোলকৰ দৰে যাৰ ভিতৰটো উদ্দীপ্ত কিন্তু বাহিৰটো মামৰ। ভিতৰৰ উজ্জ্বলতা আমাৰ জ্ঞানৰ প্ৰতীক আৰু বাহিৰৰ মামৰ আমাৰ অজ্ঞতাৰ প্ৰতীক। প্ৰতিজন ব্যক্তিৰ ভিতৰত কিমান উজ্জ্বলতা আছে আৰু বাহিৰত কিমান মামৰ আছে? 

প্ৰেক্টিকেল বেদান্ত নামৰ কিতাপখনত স্বামী বিবেকানন্দই লিখিছে , “এই পৃথিৱীত থকা সকলো জ্ঞান ক’ৰ পৰা আহিছে? সকলো জ্ঞান আমাৰ ভিতৰত আছে। বাহিৰত কি জ্ঞান আছে? বাহিৰত কোনো জ্ঞান নাই। পদাৰ্থত কোনো জ্ঞান নাই, সকলো জ্ঞান মানুহৰ লগত আছে। কোনেও কেতিয়াও জ্ঞান সৃষ্টি কৰা নাই, মানুহে ইয়াক নিজৰ ভিতৰৰ পৰা আনিছে। ”

মাধ্যাকৰ্ষণ শক্তি জ্ঞানৰ এক উদাহৰণ। নিউটনে মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰাৰ আগতেই এই জ্ঞান বিদ্যমান আছিল। কিন্তু এই জ্ঞান আৱিষ্কাৰ হোৱাৰ আগতে ক’ত আছিল? ই চেতনাৰ ভিতৰত বিদ্যমান আছিল। সকলো জ্ঞান চেতনাত বিদ্যমান, কিন্তু আমি সকলো জ্ঞানৰ বিষয়ে অৱগত নহয়।

অভিজ্ঞতাৰ জৰিয়তে জ্ঞান আমাৰ সজাগতালৈ আহে। এই অভিজ্ঞতা আমাৰ বোধশক্তি , অনুমিতি, অন্তৰ্দৃষ্টি বা এইবোৰৰ সংমিশ্ৰণ হ’ব পাৰে। নিউটনৰ বাবে সৰি পৰা আপেল এক অভিজ্ঞতা আছিল যি তেওঁৰ সজাগতালৈ মাধ্যাকৰ্ষণৰ জ্ঞান কঢ়িয়াই আনিছিল। একেদৰে, যেতিয়া আমি বিজ্ঞানৰ কিতাপ এখনত মাধ্যাকৰ্ষণৰ বিষয়ে পঢ়ো বা শিক্ষকৰ পৰা ইয়াৰ বিষয়ে শুনিবলৈ পাওঁ, তেতিয়া আমি সেই জ্ঞানৰ বিষয়ে অৱগত হওঁ। কিতাপখন পঢ়া বা শিক্ষকৰ কথা শুনা হৈছে এনে অভিজ্ঞতা যি আমাৰ চেতনাৰ পৰা জ্ঞান আমাৰ সজাগতালৈ আনে।

আমাৰ চেতনাত কিমান জ্ঞান আছে আৰু আমাৰ সজাগতাত কিমান জ্ঞান আছে? চেতনাৰ জ্ঞান হৈছে ধাতুৰ গোলকৰ ভিতৰৰ উজ্জ্বলতা আৰু আমাৰ সজাগতাৰ জ্ঞান হৈছে মামৰ আঁতৰোৱাৰ পিছত প্ৰকাশ পোৱা উজ্জ্বলতাৰ অংশ। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাকে ধৰি আমাৰ জীৱনৰ অভিজ্ঞতাবোৰে লাহে লাহে আমাৰ চেতনাৰ পৰা আমাৰ সজাগতালৈ অধিক জ্ঞান আনে আৰু আমাৰ অজ্ঞতা আঁতৰাই ।

আমি প্ৰত্যেকেই বেলেগ বেলেগ পৰিমাণৰ মামৰ (অজ্ঞতা) বহন কৰো। আমি জীৱনৰ মাজেৰে আগবাঢ়ি যাওঁতে, জীৱনৰ অভিজ্ঞতাৰ জৰিয়তে এই মামৰ হ্ৰাস কৰোঁ। কিন্তু আমাৰ প্ৰত্যেকৰে ভিতৰত একে পৰিমাণৰ উজ্জ্বলতা আছে- অৰ্থাৎ আমি সকলোৱে আমাৰ ভিতৰত সম্পূৰ্ণ জ্ঞানৰ অধিকাৰী। আমি ভিতৰৰ পৰা সৰ্বজ্ঞ । মামৰ আঁতৰাবলৈ আৰু আমাৰ উজ্জ্বলতা প্ৰকাশ কৰিবলৈ আমাক সঠিক অভিজ্ঞতাৰ প্ৰয়োজন।

এই মামৰ কেতিয়াবা সম্পূৰ্ণৰূপে নাইকিয়া হ’বনে ? যি ভগৱানক উপলব্ধি কৰে (enlightened), তেওঁলোকৰ বাবে সকলো জ্ঞান সম্পূৰ্ণৰূপে সজাগতালৈ আহে। তেওঁলোক যেন এক উজ্জ্বল ধাতুৰ গোলক যাৰ কোনো মামৰ আৰু বাকী নাই।

এই কথাখিনি সৰ্বজ্ঞ ঈশ্বৰ আমাৰ ভিতৰত আছে বুলি কোৱাৰ সমাৰ্থক।

Leave a Reply

Your email address will not be published. Required fields are marked *