আত্মসমৰ্পণ

আমি সকলোৱে জীৱনত কিছু পৰিমাণৰ চাপ অনুভৱ কৰো। কিছুমানৰ বাবে এই চাপ ইমান তীব্ৰ হ’ব পাৰে যে ই তেওঁলোকৰ স্বাস্থ্য আৰু দৈনন্দিন জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে। আজিৰ দ্ৰুত গতিৰ পৃথিৱীখনত, এই সমস্যা আৰু অধিক চিন্তাৰ বিষয় হৈ পৰিছে। জীৱনৰ বাটত যেতিয়া আমি অত্যাধিক চাপত পৰি নিজকে নিঃসহায় হোৱা যেন অনুভৱ কৰো, তেতিয়া আমি আমাৰ কাষত এনে এজনক বিচাৰো যিজনক আমি সম্পূৰ্ণৰূপে বিশ্বাস আৰু নিৰ্ভৰ কৰিব পাৰোঁ।

দুৰ্ভাগ্যবশতঃ, বাস্তৱ জীৱনত সাধাৰণতে এনে নহয়। ইয়াত কাৰণ হৈছে, প্ৰথমতে, আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পৰা আৰু নিৰ্ভৰ কৰিব পৰা কাৰোবাক বিচাৰি পোৱাটো সহজ নহয়, আৰু দ্বিতীয়ত, আমাৰ নিজৰ অহংকাৰে আমাক বেলেগৰ ওচৰত আত্মসমৰ্পণ কৰিব নিদিয়ে। আমি জীৱনটো নিজৰ নিয়ন্ত্ৰণৰ ভিতৰত ৰাখিব বিচাৰোঁ। 

আধ্যাত্মিক জ্ঞান অনুসৰি, আমাৰ জীৱনত এনে এজন আছে, যিজনক আমি বিশ্বাস আৰু নিৰ্ভৰ কৰি সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰিব পাৰোঁ। তথাপিও, আমাৰ নিজৰ অজ্ঞতাৰ বাবে আমি জীৱনত কষ্ট পাওঁ ।

আমি কাক সম্পূৰ্ণৰূপে বিশ্বাস কৰি আত্মসমৰ্পণ কৰিব পাৰোঁ সেইয়া অন্বেষণ কৰাৰ আগতে,  প্ৰকৃততে আমাৰ জীৱনটোৰ ওপৰত আমাৰ কিমান নিয়ন্ত্ৰণ আছে সেইয়াহে বিবেচনা কৰা উচিত। উদাহৰণ স্বৰূপে আমি যদি আমাৰ স্বাস্থ্যৰ বিষয়ে ভাবো, ৰোগ পৰিহাৰ কৰিবলৈ বহুতো সাৱধানতা অৱলম্বন কৰাৰ সত্বেও আমি অসুস্থ হ’ব পাৰোঁ। অসুস্থ হোৱাৰ পিছত সুস্থ হ’বলৈ আমি বহুতো পদক্ষেপ লব পাৰোঁ, কিন্তু আমাৰ সকলো প্ৰচেষ্টা সত্বেও ফলাফল অনিশ্চিত। যদিও আমি কৰা কামবোৰৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ আছে, ফলাফলৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাই।

এই একেই যুক্তি জীৱনৰ অন্যান্য ক্ষেত্ৰ যেনে শিক্ষা, জীৱিকাত পদোন্নতি, আনৰ লগত সম্পৰ্ক আদিত সমানে প্ৰযোজ্য । কৰ্মৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ আছে, কিন্তু ফলাফলৰ ওপৰত নিয়ন্ত্ৰণ নাই। যেতিয়া আমি আমাৰ জীৱনৰ প্ৰতিটো দিশ আমাৰ নিজৰ আকাংক্ষা অনুসৰি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ, আমি অধিক চাপ অনুভৱ কৰাটো স্বাভাৱিক ।

স্বাভাৱিকতে আমাৰ মনত প্ৰশ্ন হ’ব, যদি ফলাফলবোৰ সম্পূৰ্ণৰূপে আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত নাথাকে, তেন্তে প্ৰকৃততে সেইবোৰ কিহে নিৰ্ধাৰণ কৰে? আমাৰ ভাগ্যই নেকি?  সঁচাকৈয়ে আমাৰ এটা নিৰ্দিষ্ট ভাগ্য আছেনে? নামৰ ব্লগটোত মই আগতে এই বিষয়ে লিখিছো। ফলাফলবোৰ কৰ্মফলৰ সূত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। আমাৰ অতীতৰ কৰ্মই আজি আমি কোন হৈছোঁ সেইয়া নিৰ্ধাৰণ কৰিছে আৰু আমাৰ বৰ্তমানৰ কৰ্মই ভৱিষ্যতে আমি কোন হ’ম সেইয়া নিৰ্ধাৰণ কৰিব। আমাৰ আজিৰ অৱস্থা আৰু কাইলৈ হ’বলগীয়া অৱস্থাৰ বাবে আমি নিজেই সম্পূৰ্ণৰূপে দায়বদ্ধ। 

কৰ্মফলৰ সূত্ৰ মহাজাগতিক বুদ্ধিমত্তাৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। আমি কৰা কৰ্মৰ প্ৰভাৱ কেৱল এইটো জীৱনতে সীমাবদ্ধ নহয়। সাধাৰণ বুদ্ধিমত্তাৰ জৰিয়তে কৰ্মফলৰ সূত্ৰ বুজি পোৱা জটিল। সেয়েহে মহাজাগতিক বুদ্ধিমত্তাৰ ওপৰত বিশ্বাস ৰাখি মহাজাগতিক বুদ্ধিমত্তাৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰাটো জ্ঞানীৰ কাম।

কিন্তু আমাৰ অহংকাৰে আমাক আত্মসমৰ্পণ কৰাত বাধা দিব। অহংকাৰে আমাক বাৰে বাৰে মনত পেলাই দিব যে আত্মসমৰ্পণ কৰাটো দুৰ্বলতাৰ লক্ষণ। অহংকাৰে কব যে আমাৰ জীৱনৰ সকলো বিষয় আমি নিজে নিয়ন্ত্ৰণ কৰা উচিত। কিন্তু আমি এইটো মনত ৰখা প্ৰয়োজন যে আত্মসমৰ্পণ মানে আমি নিজৰ কৰ্ম বাদ দিয়া নুবুজাই, আত্মসমৰ্পণ মানে আমি ফলাফলৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ এৰি দিয়াহে বুজাই।

এক অনুকূল ফলাফল পোৱাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱা অতি প্ৰয়োজনীয়। কিন্তু সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ পিছত ফলাফল কি হ’ব সেই বিষয়ে চিন্তা কৰি অনাৱশ্যকীয় চাপ লোৱাৰ প্ৰয়োজন নাই। সেই দায়িত্ব আমি মহাজাগতিক বুদ্ধিমত্তাৰ ওপৰত এৰি দিব পাৰো। উদাহৰণ স্বৰূপে যদি আমি অসুস্থ হওঁ, সৰ্বশ্ৰেষ্ঠ চিকিৎসা বিচাৰি চিকিৎসা লোৱা অতি প্ৰয়োজন, কিন্তু চিকিৎসাৰ ফলাফল কি হ’ব সেই বিষয়ে চিন্তা কৰি চাপ লোৱাৰ প্ৰয়োজন নাই। একেদৰে, এজন শিক্ষাৰ্থী হিচাপে পৰীক্ষাৰ বাবে নিষ্ঠাৰে প্ৰস্তুতি কৰা অতি প্ৰয়োজন, কিন্তু পৰীক্ষা হৈ যোৱাৰ পিছত ফলাফলৰ দায়িত্ব মহাজাগতিক বুদ্ধিমত্তাৰ ওপৰত এৰি দিব পাৰি। সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ পিছত ফলাফল যিয়েই নহওক তাক গ্ৰহণ কৰি ভৱিষ্যতে কেনেদৰে আৰু ভাল কৰিব পাৰি সেই বিষয়ে ভবাটোহে  প্ৰয়োজন।

মহাজাগতিক বুদ্ধিমত্তাৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰাটো কাপুৰুষৰ কাৰ্য্য নহয়। ইয়াৰ অৰ্থ আমি আমাৰ দায়িত্ব এৰি দিয়াও নুবুজাই। আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত থকা বিষয় বিলাকৰ চিন্তা এৰি অপ্ৰয়োজনীয় চাপ নোলোৱাটো এক বুদ্ধিমান বিকল্প । কিন্তু আমি মনত ৰখা উচিত যে মহাজাগতিক বুদ্ধিমত্তাই যাদৃচ্ছিকভাৱে কাম নকৰে। ইয়াক আমাৰ ভাগ্য বুলিও কব নোৱাৰি। ই আমি আগতে কৰি অহা কৰ্মৰ ফল। আমি আমাৰ কৰ্মৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ।

মহাজাগতিক বুদ্ধিমত্তা মহাজাগতিক চেতনাৰ বুদ্ধিমত্তা। “তৎ ত্বাম অসী” – আমি মহাজাগতিক চেতনাৰ পৰা পৃথক নহয় । আমি মহাজাগতিক চেতনাক পৰম সত্য বা ভগৱান বা আন যিকোনো নামেৰে সম্বোধন কৰিব পাৰোঁ।

যেতিয়া আমি অত্যাধিক চাপ অনুভৱ কৰোঁ আৰু নিজকে অসহায় বুলি ভাবো, তেনে অৱস্থাত কাৰোবাক সম্পূৰ্ণৰূপে বিশ্বাস কৰি আত্মসমৰ্পণ কৰাটো এক স্বৰ্গীয় অনুভৱ  !!

Leave a Reply

Your email address will not be published. Required fields are marked *