মই কোন ?
আনৰ বাবে মই মোৰ নাম
যদি মই মোৰ নাম সলনি কৰোঁ?
নাম বেলেগ, কিন্তু মই সেই একেই
মই কোন?
সহকৰ্মীৰ বাবে মই মোৰ খিতাপ
যদি মই মোৰ খিতাপ সলনি কৰোঁ?
খিতাপ বেলেগ, কিন্তু মই সেই একেই
মই কোন?
মই মোৰ মা-দেউতাৰ পুত্ৰ আৰু মোৰ ভগ্নীৰ ভাতৃ
মই মোৰ পত্নীৰ স্বামী আৰু মোৰ সন্তানৰ পিতৃ
মই মোৰ বন্ধুৰ বন্ধু
মই কোন ?
মোৰ চকুৰে মই সৌন্দৰ্য্য উপভোগ কৰো
আৰু নাকেৰে সুবাস
মোৰ কাণে মোলৈ আনে সংগীতৰ সুৰ
আৰু জিভাই সুস্বাদ
গৰমত মই ঘামো আৰু শীতত মই কঁপো
ইন্দ্ৰিয়ৰ জৰিয়তে মই বাহিৰৰ পৃথিৱীখন চিনি পাওঁ
কিন্তু মই মোৰ ইন্দ্ৰিয় নহয়
মই কোন ?
মই উশাহ লওঁ, কিন্তু মই উশাহ নহয়
হাত-ভৰিয়ে মোক গতি দিয়ে
কিন্তু মই মোৰ হাত-ভৰি নহয়
হৃদপিণ্ডই মোৰ শৰীৰটো জীয়াই ৰাখে
কিন্তু মই মোৰ শৰীৰ নহয়
মই কোন?
মই মোৰ অতীতৰ গৌৰৱ আৰু ভৱিষ্যতৰ আশঙ্কাৰ কথা ভাবোঁ
মনৰ ভিতৰতে মই বিশ্ব ভ্ৰমণ কৰোঁ
ডাৱৰৰ দৰে গতি কৰা ভাৱবোৰ চকু মুদি মই চাওঁ
কিন্তু মই মোৰ ভাৱ নহয়
মই কোন?
ৰাতি গভীৰ টোপনিত মই মোৰ মনটোক হেৰুৱাওঁ
তথাপিও ৰাতিপুৱা মই আকৌ নিজকে বিচাৰি পাওঁ
মই মোৰ মন নহয়
মই কোন?
তৎ ত্বাম অসী