আমাৰ জীৱনটো যদি এখন কিতাপ, তেন্তে তাৰ লেখক কোন?

মই মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ নিজে লওঁ, গতিকে ময়েই মোৰ জীৱনৰ লেখক । এইয়া হয়তো এই প্ৰশ্নৰ একেবাৰে সহজ উত্তৰ। কিন্তু অলপ গভীৰভাবে ভাৱিলে এই প্ৰশ্নৰ উত্তৰ হয়তো ইমান সহজ নহয়। আমাৰ প্ৰত্যেকৰে জীৱনৰ আৰম্ভণি বেলেগ বেলেগ। কোনোবা ধনীৰ ঘৰত জন্ম হয়, আন কোনোবা দুখীয়াৰ ঘৰত। কোনোবা জন্মৰে পৰা সুস্বাস্থ্যৰ অধিকাৰী, আন কোনোবা জন্মৰে পৰা অসুস্থ। আমাৰ জীৱনৰ কিতাপখনৰ আগকথা আমি নিজে নিশ্চয় লিখা নাই।

বুজা হোৱাৰ পাছত আমি প্ৰত্যেকে নিজক বেলেগ বেলেগ পৰিবেশৰ মাজত পাওঁ আৰু সেই পৰিবেশত নিজৰ চেষ্টাৰ জৰিয়তে জীৱনটো আগবঢ়াই লৈ যাওঁ। হয়তো আমাৰ এনে বোধ হয় যেন এটাৰ পিছত এটাকৈ জীৱনৰ অধ্যায় বোৰ আমি নিজেই লিখি গৈছো। হঠাতে, নিজৰ একো ভূল নোহোৱাকৈ, বেলেগৰ ভূলৰ বাবে এটা দুৰ্ঘটনাত কোনোবা এজনৰ মৃত্যু হয়। এইয়া জানো তেওঁ নিজে লিখা নিজৰ জীৱনৰ কিতাপখনৰ কোনোবা এটা পৃষ্ঠাত আছিল? আকস্মিক দুৰ্ঘটনা এটা মাত্ৰ উদাহৰণ। আমাৰ জীৱনত এনে বহুত ঘটনা ঘটে য’ত আমাৰ কোনো পোনপটীয়া প্ৰভাৱ বা নিয়ন্ত্ৰণ নাথাকে।

গতিকে, যদিও মই মোৰ জীৱনৰ কিতাপ খনৰ কেইটামান অধ্যায় বা পৃষ্ঠা লিখিছো, সম্পূৰ্ণ কিতাপখন মই নিশ্চয় নিজে লিখিব পৰা নাই।

এই প্ৰশ্নটোৰ হয়তো এইটো উত্তৰ অধিক সঠিক হ’ব যে মোক এটা গাঁথনি দিয়া হৈছে – কিছুমান নিয়ম নিৰ্ধাৰণ কৰি দিয়া হৈছে। সেই নিয়মৰ ভিতৰৰ সিদ্ধান্তবোৰ মই স্বাধীন ভাবে ল’ব পাৰো। সেই গাঁথনি বা নিয়মবোৰ হৈছে কৰ্মফলৰ সূত্ৰ আৰু নিয়মৰ ভিতৰৰ স্বাধীনতা মোৰ স্বতন্ত্ৰ ইচ্ছা (free will)। যেনে বীজ সিচো, তেনে শস্য পাওঁ । বীজ নিৰ্ধাৰণ কৰিবলৈ আমাৰ স্বতন্ত্ৰ ইচ্ছা আছে, কিন্তু তাৰ পৰিণতি কৰ্মফলৰ সূত্ৰৰ দ্বাৰা নিৰ্ধাৰিত হয়।

মোৰ জীৱনৰ কিতাপখন কিমান দীঘলীয়া হ’ব সেই সিদ্ধান্ত মই নিজে ল’ব পাৰিমনে? জীৱনৰ ম্যাদ প্ৰাৰব্ধ কৰ্মৰ দ্বাৰা নিৰ্ধাৰিত হয়। ইচ্ছা অনুসৰী মই মোৰ জীৱনৰ কিতাপখন লিখি যাব নোৱাৰো, বা হঠাতে শেষ কৰিব নোৱাৰো। আমাৰ অতীতৰ কৰ্মই আজি আমি কোন হৈছোঁ সেইয়া নিৰ্ধাৰণ কৰিছে আৰু আমাৰ বৰ্তমানৰ কৰ্মই ভৱিষ্যতে আমি কোন হ’ম সেইয়া নিৰ্ধাৰণ কৰিব।

যদি আমি কৰ্মফলৰ সূত্ৰ মানি লওঁ, কৰ্মফলৰ সূত্ৰই নিৰ্ধাৰণ কৰা গাঁথনিৰ ভিতৰত স্বতন্ত্ৰ ইচ্ছাৰে আমি আমাৰ জীৱনৰ কিতাপখন লিখা বুলি ভৱাটো হয়তো আমাৰ বুদ্ধিমত্তাই মানি ল’ব। কৰ্মফলৰ সূত্ৰ মানি নললে জীৱনৰ বৈষম্যবোৰৰ কাৰণ বুজি পাব নোৱাৰি ।জীৱনৰ বৈষম্যবোৰৰ কাৰণ আমি যদি ভাগ্য বুলি মানি লওঁ, তেনেহলে সেই ভাগ্য নিৰ্ধাৰণ কৰা গৰাকী কাৰোবাৰ প্ৰতি সদয় আৰু আন কাৰোবাৰ প্ৰতি নিশ্চয় নিৰ্দয় ।

কৰ্মফলৰ সূত্ৰ অনুসৰী আমাৰ জীৱনৰ বাবে আমি নিজেই সম্পূৰ্ণৰূপে দায়বদ্ধ, ভাগ্য নহয়। গতিকে আমাৰ জীৱনৰ কিতাপখন আমি নিজেই লিখিছো, কিন্তু পাৰ্থক্য ইমানেই যে এইটো জীৱনৰ কিতাপখন এটা দীঘলীয়া কিতাপৰ শৃংখলাৰ এখন মাত্ৰ কিতাপ। এই কিতাপখনত লিখা কাহিনী  শৃংখলাৰ আগৰ কিতাপৰ কাহিনীৰ লগত জড়িত হৈ আছে আৰু ভৱিষ্যতে প্ৰকাশ পাব লগা শৃংখলাৰ কিতাপবোৰৰ কাহিনীৰ এই জীৱনৰ কাহিনীৰ দ্বাৰা নিৰ্ধাৰিত হ’ব।

যোৱা কেইবছৰে মই নিজে কোন সেইয়া জানিবলৈ কৰা আধ্যাত্মিক প্ৰচেষ্টাত নিজৰ জীৱন সৰ্ম্পকে এই ব্যাখ্যা মোৰ বাবে গ্ৰহণযোগ্য আছিল। কৰ্মফলৰ সূত্ৰ আৰু স্বতন্ত্ৰ ইচ্ছাই জীৱনত ন্যায় আৰু অধিকাৰ দুয়োটাই দিয়ে। কিন্তু মই কোন জানিবলৈ কৰা মোৰ আধ্যাত্মিক অনুসন্ধান গভীৰ হোৱাৰ লগে লগে কিছুমান প্ৰশ্নই বাৰে বাৰে মোক আমনি কৰে। এইটো তেনে এটা প্ৰশ্ন। 

সাধাৰণতে আমি নিজকে আমাৰ শৰীৰ আৰু মনৰ লগত চিনাক্ত কৰো। কিন্তু আধ্যাত্মিক জ্ঞান অনুসৰি আমি আমাৰ শৰীৰ আৰু মন নহয়। নিজকে মই বুলি ভৱাটো কেৱল ভ্ৰম। মই ভাব আমাৰ মনৰ সৃষ্টি, ইয়াৰ কোনো প্ৰকৃত অস্তিত্ব নাই। যদি মই ভাবটোৰ কোনো প্ৰকৃত অস্তিত্বই নাই, তেন্তে কাৰ স্বতন্ত্ৰ ইচ্ছাৰ কথা আমি আলোচনা কৰিছোঁ ?

স্বতন্ত্ৰ ইচ্ছা অবিহনে জীৱনৰ কিতাপখন এখন নাট্যলিপি যেন অনুভৱ হয়, য’ত আমি কেৱল অভিনয় কৰিছোঁ। মই কৰ্তা নহয়, মই কেৱল এক সঁজুলি যাৰ জৰিয়তে কাৰ্য্য সম্পন্ন হয়। মই মোৰ জীৱনটো লিখা নাই, জীৱনটো মোৰ সন্মুখত লাহে লাহে উন্মোচিত হৈ আছে। শ্ৰী ৰমনা মহৰ্ষিয়ে কৈছিল আমাৰ স্বতন্ত্ৰ ইচ্ছা কেৱল আত্মসমৰ্পণ কৰিবলৈ আৰু জীৱনটো যিদৰে উন্মোচিত হয় ঠিক সেইদৰে গ্ৰহণ কৰিবলৈ।

জীৱন সৰ্ম্পকে এই ধাৰণা আমাৰ বুদ্ধিমত্তাৰ বাবে হয়তো গ্ৰহণযোগ্য নহয়। কিন্তু ইয়াৰ প্ৰয়োজনো নাই, কাৰণ পৰম সত্য বুদ্ধিমত্তাৰ সীমাৰ বাহিৰত।

ইয়াৰ অৰ্থ এইটো নহয় যে আমি আমাৰ দায়িত্বৰ প্ৰতি গা এৰা দিওঁ। যিদৰে মহাভাৰতত অৰ্জুনে কুৰুক্ষেত্ৰৰ যুদ্ধ বাদ দিব পৰা নাছিল, সেইদৰে আমিও আমাৰ কৰ্ম এৰিব নোৱাৰো। যেতিয়ালৈকে আমি কোন সেইয়া উপলব্ধি কৰিব নোৱাৰো, তেতিয়ালৈকে আমি কৰ্মৰ পৰা মুক্ত নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *