এজন বন্ধুয়ে মোক সুধিছিল মই মোৰ স্বেচ্ছামূলক অৱসৰৰ পাছত কি দৰে সময় অতিবাহিত কৰি আছোঁ। মই কলো, “মই মোৰ পৰৱৰ্তী জীৱনৰ বাবে প্ৰস্তুতি চলাই আছোঁ। মোৰ এই জীৱনৰ কাম প্ৰায়ে সম্পূৰ্ণ হৈছে।”
সঁচাকৈয়ে এই জীৱনত পৰৱৰ্তী জীৱনৰ বাবে প্ৰস্তুতি কৰা সম্ভৱ হয়নে?
সেই সময়ত নভবাকৈয়ে মই তেনেদৰে কৈছিলো যদিও, এতিয়া মই উপলব্ধি কৰিছো ই মোৰ বাবে কিমান অৰ্থপূৰ্ণ আৰু সঁচা !
এই জীৱনত লাভ কৰা আধ্যাত্মিক প্ৰগতি অনাগত জীৱনতো অব্যাহত থাকে। আধ্যাত্মিক বিৱৰ্তনৰ এটা মুখ্য পদক্ষেপ হৈছে চেতনাৰ সম্প্ৰসাৰণ। এই জীৱনত চেতনাৰ সৰ্বোচ্চ সম্প্ৰসাৰণ (মহাজাগতিক চেতনা) নহলেও, যিমানখিনি আগবাঢ়িব পাৰি, পৰৱৰ্তী জীৱনত পুনৰ তাৰপৰা আৰম্ভ কৰিব পাৰি।
আধ্যাত্মিক বিকাশৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে এজন প্ৰকৃত গুৰু বিচাৰি উলিওৱা। যদি কোনোবাই এই জীৱনত এজন গুৰুৰ সৈতে এক গভীৰ, নিষ্ঠাৱান সম্পৰ্ক স্থাপন কৰিছে, তেন্তে সেই একেজন গুৰুয়ে ভৱিষ্যত জীৱনত তেওঁক পথ প্ৰদৰ্শন কৰি থাকিব। গুৰু-শিষ্যৰ সম্পৰ্ক শাৰীৰিক অস্তিত্ব অতিক্ৰম কৰি, জীৱন আৰু মৃত্যুৰ সীমাৰ বাহিৰত অক্ষত থাকে।
আধ্যাত্মিক অনুশীলনৰ জৰিয়তে আমি আমাৰ সঞ্চিত কৰ্মৰ ( জমা হৈ থকা কৰ্ম) পৰিমাণ হ্ৰাস কৰিব পাৰো। শৃংখলাবদ্ধ আধ্যাত্মিক অনুশীলনে আমাৰ মন বিশুদ্ধ কৰে। বিশুদ্ধ মনেৰে অতিবাহিত কৰা জীৱনত আমি কম আগমী কৰ্ম (বৰ্তমানৰ কাৰ্যৰ জৰিয়তে উৎপন্ন হোৱা কৰ্ম) সংগ্ৰহ কৰো। কৰ্ম হ্ৰাস কৰাৰ অৰ্থ হৈছে আমাৰ অন্তিম লক্ষ্যৰ দিশত অগ্ৰগতি।
এই জীৱনত এক উন্নত ভৱিষ্যত গঢ়ি তুলিবলৈ শিক্ষাত বিনিয়োগ কৰাৰ দৰে, আধ্যাত্মিক প্ৰগতিৰ বাবে কৰা প্ৰচেষ্টা ভৱিষ্যত জীৱনৰ বাবে এক বিনিয়োগ।
কিহে আমাক আমাৰ পৰৱৰ্তী জীৱনৰ বাবে সময় বিনিয়োগ কৰাত বাধা দিয়ে? মোৰ দৃষ্টিত, তাৰ মুখ্য কাৰণ হৈছে –
১) পৰৱৰ্তী জীৱনৰ অস্তিত্বৰ ওপৰত বিশ্বাসৰ অভাৱ।
২) এই জীৱনৰ দায়িত্বত অত্যাধিক ব্যস্ততাৰ বাবে আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিবলৈ সময়ৰ অভাৱ।
পৰৱৰ্তী জীৱনৰ অস্তিত্বৰ ওপৰত মোৰ কোনা সন্দেহ নাই। আধ্যাত্মিক কিতাপ পঢ়ি, সৰ্বোচ্চ লক্ষ্য প্ৰাপ্ত কৰা বহুতো জ্ঞানী লোকৰ বিষয়ে জানি আৰু নিয়মিয়াকৈ আধ্যাত্মিক অনুশীলন কৰি মোৰ এই উপলব্ধি হৈছে যে আধ্যাত্মিকতা চিৰ সত্য আৰু বৈজ্ঞানিক, ই অন্ধবিশ্বাস বা ৰহস্যময় নহয়।(মই এই বিষয়ে আগতে লিখিছোঁ)
তলৰ দুটা উপলব্ধিয়ে মোক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল –
১) আমি যেতিয়া আমাৰ বুদ্ধিমত্তাৰ সীমাবদ্ধতা বুজি পাওঁ, তেতিয়াহে বুদ্ধিমত্তাৰ সীমাৰ বাহিৰত থকা সত্য অন্বেষণৰ দুৱাৰ মুকলি হয়।
২) মই সঁচাকৈয়ে কোন, মই নাজানো। মই কোন নহয় সেইয়া মই উপলব্ধি কৰিব পাৰোঁ, কিন্তু মই প্ৰকৃততে কোন সেইয়া মই এতিয়াও উপলব্ধি কৰিব নোৱাৰোঁ।
যিসকলে আধ্যাত্মিকতাৰ গুৰুত্ব বুজি পায়, তেওঁলোকৰ বাবে আধ্যাত্মিক অনুশীলন কৰিবলৈ সময়ৰ অভাৱ নহয়। তেওঁলোকৰ বাবে দৈনন্দিন জীৱনৰ কিছুমান কামতকৈ আধ্যাত্মিক অনুশীলনত বিনিয়োগ কৰা সময়ৰ গুৰুত্ব বেছি। ইয়াৰ অৰ্থ এই পৃথিৱী ত্যাগ কৰা নহয়, ইয়াৰ অৰ্থ সচেতনভাৱে ভৱিষ্যতৰ বাবে সময়ৰ বিনিয়োগ কৰাহে।
হাৰ্ভাৰ্ডৰ এজন অধ্যাপকে স্বামী সৰ্বপ্ৰিয়ানন্দক সুধিছিল, “আপুনি আধ্যাত্মিকতাক কিয় ইমান গুৰুত্ব দিয়ে?” তাৰ উত্তৰত তেওঁ কেৱল কৈছিল,”মই ইয়াৰ বাহিৰে আৰু কি কৰিব পাৰোঁ?” আমি যেতিয়া নিজকে সঁচাকৈয়ে নাজানো বুলি উপলব্ধি কৰোঁ, তেতিয়া সত্যৰ অন্বেষণ কৰাৰ বাহিৰে বেলেগ কি কাম অধিক গুৰুত্বপূৰ্ণ হব পাৰে?
যদি আমি দৈনন্দিন খোৱা, পিন্ধা আৰু থকাৰ চিন্তাত ব্যস্ত থাকিবলগীয়া হোৱা নাই, তেনেহলে আমি আমাৰ পৰৱৰ্তী জীৱনৰ বাবে প্ৰস্তুতি কৰাৰ এটা সুযোগ পাইছোঁ।এই সুযোগৰ আমি সুপ্ৰয়োগ কৰা উচিত।পৰৱৰ্তী জীৱনত কেতিয়া আকৌ এনে সুযোগ আহিব কোনে জানে?
আমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত কৰ্মফলৰ সূত্ৰৰ দ্বাৰা সংযোজিত হৈ আছে। সচেতনভাৱে পৰৱৰ্তী জীৱনৰ বাবে প্ৰস্তুতি নকৰিলেও, আমাৰ বৰ্তমানৰ কাৰ্য্যই ভৱিষ্যত নিৰ্ধাৰণ কৰিব। গতিকে আমি কিয় সচেতনভাৱে পৰৱৰ্তী জীৱনৰ বাবে প্ৰস্তুতি নকৰোঁ?